Friday 1 January 2016

নৱবৰ্ষৰ উৎসৱত ,ডাক অথবা ইন্টাৰনেটৰ জৰিয়তে শুভেচ্ছা বিনিময় , মুছলমানসকলৰ কাৰণে বৈধ নহয়

নৱবৰ্ষৰ উৎসৱ ,ডাক অথবা ইন্টাৰনেটৰ জৰিয়তে শুভেচ্ছা বিনিময় , মুছলমানসকলৰ কাৰণে বৈধ নহয়ঃ-
[তাওহীদী ভাৱাদৰ্শত জাগ্ৰত হৃদয়ৰ বাহিৰে এইবোৰৰ বৈধতাৰ অৰ্থ আৰু ভাৱ হৃদয়াঙ্গম কৰা সম্ভৱ নহয়।]
*          *          *          *          *          *          *          *          *          *          --মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন।
--কিয়নো এই উম্মত সৰ্বশেষ ঐশীবাৰ্তাবাহক জাতি। যাৰ নবী হৈছে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু পৱিত্ৰ গ্ৰন্থ হৈছে- মহাগ্ৰন্থ আল কোৰআন।
--আল্লাহ তা'আলাই এই উম্মতক সৰ্বোচ্চ সৌন্দর্যৰে অভিষিক্ত কৰিছে, আল্লাহে ঘোষণা কৰিছে: তোমালোকে ভাল কামৰ নিৰ্দেশ দিয়া আৰু অন্যায় কামত বাধা প্ৰদান কৰা, আৰু আল্লাহৰ প্ৰতি ঈমান আনা। ) ছুৰা আলে ইমৰান: ১১০
--গতিকে কি কাৰণে পঁচিশ ডিচেম্বৰৰ পৰা সমগ্ৰ বিশ্ব জুৰি আৰম্ভ হোৱা খৃষ্টীয় উৎসৱ যিটো একত্ৰিশ ডিচেম্বৰত নৱবৰ্ষীয় মহোৎসৱৰ দ্বাৰা শেষ হয় আৰু মুছলমানসকলে, সজ্ঞানে অথবা অবচেতনভাৱে, আল্লাহে তেওঁলোকক যি সন্মান আৰু বৈশিষ্ট্য দিছে, তাত বিতুস্ত হৈ এই উৎসৱত অংশ গ্ৰহণ কৰি থাকে?
--আনাছ ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদিনালৈ আগমন কৰিলে। তেতিয়া সিহঁতৰ ক্ৰীড়া-উল্লাসৰ দুটা দিৱস আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে লে, 'এই দিৱস দুটা কি কি'? উত্তৰত সিহঁতে কলে, 'জাহেলী (অজ্ঞতা) যুগত আমি এই দিৱস দুটা ক্ৰীড়া-উল্লাসত কটাইছিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কলে, ’আল্লাহ তা'আলাই ইয়াৰ পৰিবৰ্তে উত্তম দুটা দিৱস তোমালোকক দিছে- ঈদুল আজহা আৰু ঈদুল ফিতৰ'। [ আবু দাউদ, আহমদ] ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ ৰাদিয়াল্লাহু আনহুক কলে, 'হে আবু বকৰ! প্ৰত্যেক জাতিৰেই উৎসৱ আছে, আৰু এই দুটা আমাৰ উৎসৱ' [ বুখাৰী ]
--আমাক আল্লাহে হিদায়ত দিছে। আজিৰ দিৱস (শুক্ৰবাৰ) আমাৰ কাৰণে¸অহা কালিৰটো (শনিবাৰ) ইহুদীসকলৰ আৰু পৰহি (দেউবাৰ) হ'ল নাছাৰাসকলৰ‘ [ বুখাৰী আৰু মুছলিম ]
--শুদ্ধ অনুভূতিৰ অভাৱ, ইমানী দুৰ্বলতা ইত্যাদিৰ কাৰণে, বৰ্তমান যুগৰ কিছুমান মুছলমানে যীশুখৃষ্টৰ জন্মতিথি আৰু নৱবৰ্ষৰ উৎসৱ ইত্যাদিত অংশ গ্ৰহণ কৰি থাকে, নাছাৰাসকলৰ বেশভূষা, সিহঁতৰ ধৰ্মীয় চিহ্ন ইত্যাদি ব্যৱহাৰ কৰি থাকে, মুছলমানসকলৰ কাৰণে এইবোৰ বৈধ নহয়
--আব্দুল্লাহ ইবনে আমৰ ইবনে আচ ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, ’যি ব্যক্তিয়ে মুশ্বৰিকসকলৰ দেশত ঘৰ সাঁজিলে, তেওঁলোকৰ উৎসৱ-দিৱস পালন কৰিলে আৰু সেই অৱস্থাত তেওঁৰ মৃত্যু হ', তেন্তে তেওঁৰ হাশ্বৰ-নশ্বৰ তেওঁলোকৰ সৈতেই হ'। [ ছুনানে বাইহাকি ৯/২৩৪ ]
--যি ব্যক্তিয়ে আলিমসকলৰ পোচাক গ্ৰহণ কৰে সি নিজকে আলিমসকলৰ সৈতে সম্পৃক্ত বুলি অনুভৱ কৰি থাকে আৰু যি ব্যক্তিয়ে সৈনিকৰ পোচাক পিন্ধে তাৰ হৃদয়ত সৈনিকসংলগ্ন ভাৱ জন্মে।
--হিকমতৰ মাজত আৰু এটা হ'ল- প্ৰকাশ্য বেশভূষাত সাদৃশ্য গ্ৰহণ। ইয়ে সমিলমিল আৰু সংমিশ্ৰণ-সন্মিলন ঘটোৱাৰ কাৰণ হয়¸ হিদায়াতপ্ৰাপ্ত মুমিন আৰু অভিশপ্তসকলৰ মাজত ভিন্নতা আৰু বৈশিষ্ট্যৰ প্ৰাচীৰ উঠি যায়।
--ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে আহকামু আহলিয্ যিম্মাহ ( যিম্মিসকলৰ বিধান) গ্ৰন্থত কৈছে, ’ বিজাতিসকলৰ নিজস্ব কুফুৰি নিদৰ্শনকেন্দ্ৰিক কোনো উপলক্ষ্যত শুভেচ্ছা বিনিময়, শুভেচ্ছাবাৰ্তা প্ৰদানকাৰী হাৰাম বুলি বিবেচিত হব।
[মূলঃ-Hifzur Rahman-Edited by-sgis-]
–অন্ত-

No comments:

Post a Comment